ছয়গাঁৱত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ
নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীৰ অভিযান ৷ শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ ব্যৱসায়ী ৷ ড্ৰাগছ ব্যৱসায়ীজন ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোৰশিমলু গছপুতাৰ নিলচান আলী ৷ জানিব পৰামতে নিলচান আলী নামৰ যুৱকজন এজন ড্ৰাগছ ব্যৱসায়ী ৷ ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে৭৭১/২০২০ আৰু ১০২৭/২০২০ নম্বৰত ড্ৰাগছ সম্পৰ্কীয় দুটা গোচৰ ৰুজু হৈ আছে ৷ বিগত দিন কেইটা আৰক্ষীৰ চকুত ধুলি মাৰি যুৱকজনে ড্ৰাগছৰ ব্যৱসায় চলাই থকাৰ লগতে পলাতক অৱস্থাত আছিল ৷ শুকুৰবাৰে ছয়গাঁও আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে পোৱা এক গোপন তথ্যৰ ভিত্তিত যুৱকজনৰ সন্ধানত গুৱাহাটীৰ পৰা অভিযান চলোৱাৰ লগতে যুৱকজনৰ পিচ লয় ৷ অৱশেষত ছয়গাঁৱত ঘাই পথেৰে এ এছ ০১ ডি পি ৭৬২৮ নম্বৰৰ বলেৰ’ গাড়ীৰে ঘৰলৈ আহি থকা অৱস্থাত যুৱকজনক অতি কৌশলৰে ছয়গাঁৱৰ ৰাষ্ট্ৰীয় ঘাই পথত আটক কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়ামতে নিলচান আলী কুখ্যাত ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত আছে ৷