ছয়গাঁৱৰ গৰৈমাৰীত মহিলা ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ
ছয়গাঁও: ছয়গাঁও আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই গৰৈমাৰী সত্ৰৰ হাচিনা আখতাৰ নামৰ এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। ইফালে আৰক্ষীৰ অভিযানৰ কথা গম পাই মহিলা গৰাকীৰ স্বামী আলম আলী পলাই পত্ৰং দিয়ে । আৰক্ষী সুত্ৰে জানিব পৰামতে ড্ৰাগছ ব্যৱসায়ৰ লগত জৰিত আলম আলীক আৰক্ষীয়ে পূৰ্বতে ড্ৰাগছৰ ব্যৱসায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াইছিল ৷ কিন্তু জেলৰ পৰা ওলাই আহি পত্নীৰ সৈতে মিলি পুনৰ অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় আৰম্ভ কৰে । আৰক্ষীয়ে জনোৱা মতে এই ড্ৰাগছ ব্যৱসায়ৰ লগত আৰু কেবাজনো লোক জড়িত আছে আৰু বহুদিনৰ পৰাই এই চক্ৰটোৱে অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আছে । ছয়গাঁও আৰক্ষীয়ে ধৃত হাচিনা আখতাৰৰ বিৰুদ্ধে ৯৫১/২০২০ নম্বৰত গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে জেৰা চলাই আছে।