ছয়গাঁও পান্টান সাততালুক পৰগণাত বিজেপিৰ কৃষক সন্মিলন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, October 7, 2020

ছয়গাঁও পান্টান সাততালুক পৰগণাত বিজেপিৰ কৃষক সন্মিলন

 ছয়গাঁও পান্টান সাততালুক পৰগণাত বিজেপিৰ কৃষক সন্মিলন

বিজেপিৰ ছয়গাঁও মণ্ডলৰ উদ্যোগত আৰু ছয়গাঁও মণ্ডল কিষাণ মৰ্চাৰ সহযোগত  গোৱৰ্ধনস্থিত ছয়গাঁও সাততালুক পৰগণাত বুধবাৰে কৃষক সন্মিলন অনুষ্ঠিত হয় ।বিজেপিৰ এই কৃষক সন্মিলনত ছয়গাঁও অঞ্চলৰ ৭ জন কৃষকক সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা জনোৱা কৃষক সকল হ’ল বকলীপাৰাৰ ৰমাকান্ত ৰাভা, বিহদিয়াৰ হিৰু ডেকা, ধোৱাৰগাঁৱৰ প্ৰভাত মজুমদাৰ, বামুণীগাঁৱৰ মঞ্জয় ৰাভা, ধুমগাড়াৰ সুভাষ দাস, পশ্চিমধূলীৰ শংকৰ নাথ আৰু ভাটিপাৰাৰ ভূৱনেশ্বৰ মজুমদাৰ  । ছয়গাঁও মণ্ডল বিজেপিৰ সভাপতি প্ৰফুল্ল মেধীৰ সভাপতিত্বত অনুষ্ঠিত এই সন্মিলনত বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, বিজেপিৰ ছয়গাঁও সমষ্টিৰ তত্বাবধায়ক নিংকু হুজুৰী, কৃষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সদস্য লক্ষ্যধৰ তালুকদাৰ, দক্ষিণ কামৰূপ জিলাৰ কৃষাণ মৰ্চাৰ সভাপতি মানিক সিনহা, দক্ষিণ কামৰূপ জিলাৰ উপ-সভাপতি প্ৰদীপ চৌধুৰী, ছয়গাঁও মণ্ডলৰ প্ৰভাৰী লংকেশ্বৰ কলিতা, কৃষাণ মৰ্চাৰ মণ্ডল প্ৰভাৰী ইন্দ্ৰজিৎ দাস, বিজেপিৰ অ’বিচি মৰ্চাৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ৰবীন নাথ, বিশিষ্ট সমাজকৰ্মী সোণাৰাম সাউদৰ  লগতে কেবাগৰাকীও দলীয় নেতা কৰ্মী উপস্হিত থাকে । সভাৰ অন্তত বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰে সাংবাদিকৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ণ কৰা কৃষি আইনে কৃষকক উচিত মূল্য দিয়াৰ লগতে কৃষক সকলে উপযুক্ত মৰ্যাদা পাব । আনহাতে, ৰাজ্যত নতুন কৈ গঠন হোৱা ৰাইজৰ দলক প্ৰত্যক্ষ ভাৱে আক্ৰমণ কৰি কয় যে এই দলটো বংগীয় মুছলমানৰ দল । বংগীয় মুছলমান সকলক উৎসাহ উদ্দিপনা তথা ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এই দলটোৰ জন্ম হৈছে বুলিও তেওঁ মন্তব্য কৰে । এই দলবোৰৰ পৰা অসমৰ কোনো উন্নয়ন নহয় বুলিও তেওঁ কয়৷ বিজেপি দলেহে ৰাজ্য খনৰ জনতাক সুখ শান্তি আৰু উন্নয়ন দিব পাৰিব  বুলিও তেওঁ দৃঢ়তাৰে কয় ৷


Post Bottom Ad

Responsive Ads Here