মুক্তি যুঁজাৰু স্বৰ্গীয় সভাৰাম ভট্টৰ স্মৃতি গ্ৰন্থ উন্মোচন
জনসেৱা লাইভ,মঙলদৈ : দৰং জিলাৰ মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত সমাজ কৰ্মী প্ৰবীণ মুক্তি যোদ্ধা প্ৰয়াত সভাৰাম ভট্টৰ স্মৃতি স্বৰূপে মঙলদৈৰ পৰিয়ালবৰ্গ আৰু তেখেতৰ কনিষ্ঠ পুত্ৰ গুৱাহাটী পাণ্ডু মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০ নিৰনঞ্জন ভট্টাচাৰ্য আৰু বোৱাৰী নিৰ্মালী শৰ্মাৰ বদ্যানতাত অনুপম গ্ৰন্থ ''বিপ্লৱকামী এক অনন্য পুৰুষ" উন্মোচন কৰা হয় ৷ গ্ৰন্থখন উন্মোচন কৰে দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই। স্মৃতি চাৰণ সভাত মুক্তি যুঁজাৰু গৰাকীৰ কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰি মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে তেখেতৰ প্ৰদানাংক অনুসৰণ কৰি যুব সমাজক আগবাঢ়ি যাবলৈ আহ্বান জনায়। সভাত প্ৰয়াত মুক্তি যুঁজাৰু গৰাকীৰ সহধৰ্মিণী শ্ৰীমতী শশীবালা ভট্টই প্ৰয়াত স্বামীৰ সেই সময়ৰ সান্নিধ্যৰ কথা সুঁৱৰি শোকবিহ্বল হৈ পৰা পৰিলক্ষিত হয়। অনুষ্ঠানত মুক্তি যুঁজাৰু গৰাকীৰ পুত্ৰ, পৰিয়ালৰ লগতে বহুতো শুভাকাংখী উপস্থিত থাকে।