ছয়গাঁৱত বাইক চোৰ আৰু আই পি এল জুৱাৰী গ্ৰেপ্তাৰ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, October 17, 2020

ছয়গাঁৱত বাইক চোৰ আৰু আই পি এল জুৱাৰী গ্ৰেপ্তাৰ

ছয়গাঁৱত বাইক চোৰ আৰু আই পি এল জুৱাৰী গ্ৰেপ্তাৰ


নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ :  দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীৰ বৃহৎ সাফল্য ৷ একে নিশাই গ্ৰেপ্তাৰ কৰিলে দুজন বাইক চোৰ আৰু তিনিজন আই পি এলৰ জুৱাৰী ৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নিৰ্দেশত চলোৱা এক অভিযানত শুকুৰবাৰে সন্ধিয়া ছয়গাঁও গুমী পথত জেল হক নামৰ এজন বাইক চোৰক এখন নাম্বাৰ প্লেটবিহীন বাইক সহ আটক কৰে ৷ জেল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা আৰক্ষীয়ে গৰৈমাৰীৰ ঘোৰামাৰাৰ পৰা ৰকিবুল হুছেইন নামৰ লোকজনক নিজ ঘৰৰ পৰা আটক কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়ামতে গৰৈমাৰীৰ কালাতলী পথাৰৰ জেল হক নামৰ লোকজনক ইতিমধ্যে বাইক চুৰিৰ অভিযোগত তিনিমাহ পূৰ্বে ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ জেলৰ পৰা পুনৰ ওলাই আহি জেল হকে বাইক চুৰি কাৰ্যত জড়িত হৈ পৰে আৰু পুনৰবাৰ আৰক্ষীৰ হাতত ধৰা পৰে ৷ আনহাতে ৰকিবুল হুছেইন নামৰ চোৰজনে ইতিমধ্যে ৪ খন চুৰি কৰা বাইক মেঘালয়ত বিক্ৰী কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷ ইফালে শুকুৰবাৰে নিশাই ছয়গাঁও আৰক্ষীয়ে চলোৱা এক  অভিযানত ছয়গাঁৱৰ গুমীৰ পৰা তিনিজন আই পি এলৰ জুৱাৰীক গ্ৰেপ্তাৰ কৰে ৷ গুমী চ’কৰ মাইনুদ্দিন আহমেদ নামৰ দোকানীজনৰ দোকানত আই পি এলক লৈ জুৱাৰ বজাৰ চলাই থকা আগগুমীৰ আবুজাহান আলী আৰু মজুন্দাৰ আলীৰ লগতে মাইনুদ্দিন আহমেদ সহ তিনিজনক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে তেওঁলোকৰ পৰা আই পি এলৰ বিভিন্ন নথি পত্ৰৰ লগতে ১০২৫০ টকাৰ লগতে দুটা ম’বাইল জব্দ কৰে ৷ এই তিনিওজনে চলিত আই পি এলক লৈ এক বৃহৎ জুৱা চলাই আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

 

Post Bottom Ad

Responsive Ads Here