ৰঙিয়াত অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, October 15, 2020

ৰঙিয়াত অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ

 ৰঙিয়াত অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ


ৰঙিয়া : জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে  উত্তাল হৈ পৰিল ৰঙিয়া । ৰঙিয়াৰ খোপনিকুছিত অৰুণোদয় আঁচনিৰ নামত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ ধৰ্ণা তথা বিভিন্ন শ্ল’গানৰে উত্তাল কৰে অঞ্চলটোৰ পৰিৱেশ । বিজেপি চৰকাৰ আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ একাংশ ৰাইজৰ । প্ৰতিবাদী সকলে ৰাজপথলৈ ওলাই আহি বিজেপি চৰকাৰ হায় হায়,ভবেশ কলিতা মুৰ্দাবাদ, ভবেশ কলিতা গ'বেক শ্লোগানেৰে উত্তাল কৰে তোলে অঞ্চলটোৰ পৰিবেশ । উল্লেখযোগ্য যে খোপনিকুছি গাঁৱৰ শাৰিৰীকভাৱে সক্ষম, অবিবাহিত মহিলা, দৰিদ্ৰ পৰিয়ালৰ নাম এই আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত নহ’ল।তাৰ পৰিবৰ্তে বিজেপিৰ নেতা-পালিনেতাৰ অঙহী-বঙহীৰ নাম এই আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।জানিব পৰামতে মন্ত্ৰী ভবেশ কলিতাৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ ৰ্ফম সমুহত চীল-চহী কৰি বিজেপিৰ নেতাৰ মাজত বিতৰণ কৰা হৈছিল বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ।যাৰ ফলত দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি বিজেপিৰ নেতা-পালিনেতাৰ অঙহী-বঙহীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলি ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। অৰুণোদয় আঁচনিৰ টকা লাভ কৰাৰ পূৰ্বে এনে ধৰণৰ খেলিমেলি সংঘটিত হোৱাত ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰাই নহয় অৰুণোদয় আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি নকৰিবলৈও চৰকাৰক সকীয়াই দিয়ে ৷



Post Bottom Ad

Responsive Ads Here