অসমৰ মাটিত বদৰুদ্দিন আজমল সম্পৰ্কীয় কথা বতৰা আজিৰ তাৰিখত নপতাই ভাল।কাৰণ তেওঁ লোকৰ চিন্তা,লক্ষ্য,পৰিকল্পনা,আঁচনি সকলো খিলঞ্জীয়া বিৰোধী।এই মন্তব্য চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ।অসমীয়া ভাষাৰ পৰিৱৰ্তে আজমলে ৰাজহুৱা সভাৰ বেনাৰত আৰবী ভাষা ব্যৱহাৰ কৰাৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চতিয়াৰ বিধায়ক গৰাকীয়ে শুক্ৰবাৰে জামুগুৰিহাটত এইদৰে কয়।চতিয়াৰ বিধায়ক গৰাকীয়ে লগতে খিলঞ্জীয়া বিৰোধী এই শক্তিটোক প্ৰতিৰোধ কৰিবৰ বাবে সকলো একত্ৰিত হৈ খিলঞ্জীয়া ৰাইজে ঐক্যবদ্ধ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলিও মন্তব্য কৰে।
Post Top Ad
Responsive Ads Here
Post Bottom Ad
Responsive Ads Here
Author Details
‘জনসেৱা’ চৰকাৰী পঞ্জীয়নভুক্ত এক বে-চৰকাৰী সংস্থা। পঞ্জীয়ন নং- KAM (R) /264/C/29 of 2014-2015। দক্ষিণ কামৰূপৰ ছয়গাঁৱক মুখ্য কাৰ্যালয় হিচাপে লৈ ৰাজ্যখনৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে। ২০০৯ চনৰ ২৫ জুলাইত মাহেকীয়া বাৰ্তালোচনী ‘জনসেৱা’ প্ৰকাশ কৰাৰ পিছৰে পৰা এই সংস্থা গঠন কৰা হয়।.