শুকুৰবাৰৰ পৰা ৰঙিয়াত ভাৰতীয় কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক
ৰঙিয়া : শুকুৰবাৰৰ পৰা ৰঙিয়াত বিজেপিৰ ভগ্নী সংগঠন ভাৰতীয় কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ’ব। দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজকুমাৰ সাহা , বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস , ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া , সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা আদি নেতা উপস্থিত থাকিব। উক্ত কাৰ্যসূচী উপলক্ষে বৃহস্পতিবাৰে আৰএমএছ ক’লনিৰ ৰে’লৱে সামূহিক কেন্দ্ৰত অনুষ্ঠিত এক সংবাদ মেলত কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বৰাই কিছুদিন পূৰ্বে নতুনকৈ গঠন কৰা ৰাজ্যিক কিষাণ মৰ্চাৰ এইখন প্ৰথম কাৰ্যনিৰ্বাহক হ’ব বুলি জানিবলৈ দিয়ে। উক্ত কাৰ্যসূচীত মৰ্চাৰ ৩৯ খন সাংগঠনিক শাখা সমিতি সমূহৰ পৰা তিনিজনকৈ প্ৰতিনিধি উপস্থিত থাকিব। মৰ্চাই কৃষকৰ বাবে প্ৰৱৰ্তন কৰা কল্যাণমূলক আঁচনি সমূহৰ সফল ৰূপায়ণৰ বাবে ১০০ দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰা বুলি সভাপতি বৰাই দোহাৰে। শুকুৰবাৰে মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আৰু বিজেপিৰ ৰাজ্যিক সভাপতিৰ লগতে বহু কেইগৰাকী নেতাই প্ৰতিনিধি সকলক সম্বোধন কৰি ভাষণ ৰাখিব। অন্তিম দিনাখন মুখ্যমন্ত্ৰীৰ লগতে বিত্ত , স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি সংবাদ মেলখনত বৰাই জানিবলৈ দিয়ে ৷